সুৰভি বৰ পাত্ৰ গোহাঁই
সহঃ শিক্ষয়িত্ৰী ভাধৰা উচ্চ মাধ্যমিক বিদ্যালয়
বৰ্তমান সময়ৰ শিক্ষা ব্যৱস্থাৰ সম্পৰ্কে আলোচনা কৰিবলৈ যোৱাৰ আগতে আমি পুৰণি শিক্ষা ব্যৱস্থা আৰু বৰ্তমানৰ শিক্ষা ব্যৱস্থা বিষয়ে আলোচনা কৰিব লাগিব ।
প্ৰথমতে আমি পুৰণি শিক্ষা ব্যৱস্থা কেনেকুৱা আছিল সেই বিষয়ে কিছু আলোচনা কৰা উচিত।
প্ৰাচীন কালৰ শিক্ষা ব্যৱস্থা প্ৰধানতঃ দুটা ভাগত বিভক্ত আছিল। প্ৰথমটো হ'ল ধৰ্মীয় শিক্ষা আৰু দ্বিতীয়টো হ'ল লৌকিক শিক্ষা। ধৰ্মীয় শিক্ষাত বেদ, উপনিষদ, স্মৃতি আদিৰ ওপৰত গুৰুত্ব দিয়া হৈছিল আৰু এই শিক্ষা গুৰুকুল নাইবা আশ্ৰমত গ্ৰহণ কৰাৰ ব্যৱস্থা কৰা হৈছিল।
আনহাতে লৌকিক শিক্ষাত ব্যাকৰণ, জ্যোতিষ, চিকিৎসা আদিৰ বিষয়ে শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছিল।
প্ৰাচীন ভাৰতীয় শিক্ষা ব্যৱস্থা আছিল এক সমৃদ্ধিশালী ঐতিহ্যবহনকাৰী শিক্ষা ব্যৱস্থা। যি শিক্ষা ব্যৱস্থা কেৱল এক শিক্ষা প্ৰদানৰ মাধ্যম নাছিল, এই শিক্ষা ব্যৱস্থা এক জীৱনশৈলী। ই এক বিস্তৃত শিক্ষা ব্যৱস্থা যিয়ে ভাৰতীয় সংস্কৃতি আৰু জ্ঞান বিকাশক প্ৰভাৱিত কৰিছিল। এই এই ব্যৱস্থাই শিক্ষাৰ্থীক কেৱল আনুষ্ঠানিক শিক্ষা জ্ঞানেৰে নহয়, নৈতিক মূল্যবোধ, আধ্যাত্মিক চিন্তা আৰু সামাজিক দায়বদ্ধতাৰে পৰিপক্ক কৰি তুলিছিল।
প্ৰাচীন ভাৰতীয় শিক্ষাৰ কিছুমান বৈশিষ্ট হৈছে, এনেধৰণৰ ।
গুৰকূল পদ্ধতিঃ-
শিক্ষাগুৰুৰ ঘৰত বা আশ্ৰমত শিক্ষা দিয়া যি ব্যৱস্থা আছিল তাকে গুৰুকুল শিক্ষা বোলা হৈছিল। এনে শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীয়ে আনুষ্ঠানিক শিক্ষা লোৱাৰ উপৰিও গুৰুৰ ঘৰুৱা কাম কাজত সহায় কৰিবলগীয়া হৈছিল। তদুপৰি গুৰু গৃহ তথা আশ্ৰমখন চোৱাচিতা কৰা পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখা প্ৰতিজন শিক্ষাৰ্থীৰ দায়িত্ব আৰু কৰ্তব্য আছিল।
ব্যক্তিগত শিক্ষাৰ ক্ষেত্ৰত প্ৰত্যেক শিক্ষাৰ্থীৰ প্ৰয়োজন অনুসৰি শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছিল।শিক্ষাৰ্থীসকলক নৈতিক চৰিত্ৰ গঠনৰ ওপৰত ভিত্তি শিক্ষা দিয়াৰ ব্যৱস্থা আছিল।
শিক্ষাৰ্থী সকলে বিষয়বোৰ ভালদৰে বুজি লৈহে শিকিছিল।
প্ৰাচীন কালত শিক্ষা ব্যৱস্থা সকলোৰে বাবে মুকলি আছিল আৰু সমাজৰ সকলো শ্ৰেণীৰ মানুহে মুক্ত আৰু সহজলভ্য ভাৱে গ্ৰহণ কৰিব পাৰিছিল।শিক্ষাৰ উদ্দেশ্য আছিল জ্ঞানৰ বিস্তাৰ কৰা আৰু জ্ঞানক সৰ্বসাধাৰণৰ মাজত বিয়পাই সকলোকে জ্ঞানী কৰা।প্ৰচীন ভাৰতীয় শিক্ষা ব্যৱস্থাত কেৱল পাঠ্যক্ৰমৰ শিক্ষাৰে শিক্ষিত কৰাই নহয়, তেওঁলোকক নৈতিক, শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী কৰি তোলাৰ বাবে ব্যৱস্থা কৰা হৈছিল।
এতিয়া আমাৰ দিনৰ বা আমাৰ জ্ঞানেৰে বা মন মগজুৱে ঢুকি পোৱা দিনৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে অলপ আলোচনা কৰাৰ কথা ভাবিছোঁ । আমি যেতিয়া সৰু আছিলোঁ, ককাহঁতে যেতিয়া সলসলীয়াকৈ শাস্ত্ৰ পঢ়িছিল তেতিয়া তেওঁ লোকে স্কুললৈ যোৱাৰ কথা আমাৰ আগত ব্যক্ত কৰিছিল। তেওঁলোকে দুই এক শ্ৰেণী স্কুললৈ গৈ শিক্ষকৰ বেত্ৰাঘাত খাই স্কুল বাদ দিছিল। ঘৰৰ মানুহৰ ভয়ত কিতাপ, চিলত, পেঞ্চিল ক'ৰবাৰ গছৰ ডালত বান্ধি থৈ আহিছিল। অথচ তেওঁলোকে সলসলীয়াকৈ কীৰ্ত্তন, ভাগৱত পঢ়ি তাৎপৰ্যপূৰ্ণভাৱে ব্যাখাও আগবঢ়াব পাৰিছিল। ভাবিলে আচৰিত নালাগেনে বাৰু ? এম ই স্কুল পাছ কৰি শিক্ষকৰ চাকৰি কৰিছিল । তাৰ পাছত যিসকল উচ্চ শিক্ষাৰে শিক্ষিত হৈছিল তেখেতলোকেও বহু কষ্ট কৰি শিক্ষা অৰ্জন কৰিব লগীয়া হৈছিল। মেট্ৰিক পৰীক্ষা দিবলৈ বেনাৰস পৰ্যন্ত যাব লগীয়া হৈছিল।
তাৰ পাছত লাহে লাহে আমাৰ দিনৰ শিক্ষা ব্যৱস্থাৰ কথা আহিল। আমিবোৰে
প্ৰাইমেৰী স্কুললৈ হাতত কিতাপ চিলট, বহিবলৈ বস্তা নাইবা কঁঠ ( পাটীদৈ বা কলৰ থৰোৱাৰে বনোৱা) নিছিলোঁ। বস্তা বা কঁঠৰ ওপৰতে বহা, লিখা কাম পেট পেলাই কৰিছিলোঁ। তৃতীয়, চতুৰ্থ শ্ৰেণীলৈ পালে কিতাপ পত্ৰ থবলৈ পিৰাৰ দৰে দীঘলীয়াকৈ ডেক্স এখন পাইছিলোঁ। সেইবাবে কেতিয়া ডেক্সত কিতাপ থ'বলৈ পাম সেই কথা লৈ পঢ়াত মনোযোগ দিছিলোঁ যাতে ওপৰ শ্ৰেণীলৈ পালে ভালদৰে কিতাপ থব আৰু পঢ়িব পাৰিম।খালী ভৰিৰে স্কুললৈ যোৱা, ৰ'দ বৰষুণৰ প্ৰকোপতো শিক্ষকৰ আগত ছাতি নোলোৱাকৈ যোৱা, এইবোৰ আছিল আমাৰ দিনৰ নিয়ম । টিউচন নাই, নিজেই যিমান পাৰি কষ্ট কৰি নোৱাৰাখিনিৰ বাবে এছাৰিৰ কোব আছেই। আমি স্কুল বন্ধ ৰ দিনত নীতি শিক্ষাৰ কিতাপ, সাধুকথা, সাধাৰণ জ্ঞানৰ কিতাপ বিচাৰি বিচাৰি পঢ়াটো বাধ্যতামূলক কাম আছিল। আমাৰ দিনত "এছাৰিৰ আগত শিক্ষা " প্ৰযোজ্য আছিল। আজিকালিৰ দৰে মেট্ৰিক, হায়াৰচেকেণ্ডাৰী, স্নাতক, স্নাতকোত্তৰ ৰিজাল্ট নাছিল। বছা বছা তথা মেধাবী সকলেহে ভাল ফলাফল দেখুৱাব পাৰিছিল।এইবাৰ মোৰ বত্ৰিশ বছৰীয়া শিক্ষকতাৰ জীৱনৰ অভিজ্ঞতাৰে আজি কালিৰ শিক্ষা ব্যৱস্থা বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ।
মানৱ জীৱন গঢ়া মূল ভেঁটি হৈছে শিক্ষা। ঘৰখনেই হৈছে শিক্ষাৰ কঁঠিয়াতলী। ঘৰখনৰ পিছতহে আনুষ্ঠানিক শিক্ষা কেন্দ্ৰ পঢ়াশালিৰ স্থান।
সাম্প্ৰতিক সময়ৰ প্ৰচলিত সমাজ ব্যৱস্থা, যুগৰ পৰিবৰ্তন, সমাজৰ বিভিন্ন ঘটনাৱলী আৰু শিক্ষা ব্যৱস্থাত সঘনাই হোৱা পৰিবৰ্তনে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশত পৰিবৰ্তন আনিছে। বাতৰি কাকত, টেলিভিছন খুলিলে দেখা পোৱা হত্যা, ধৰ্ষণ, লুন্ঠন আদি ঘটনাই শৈক্ষিক দিশত
যথেষ্ট পৰিমাণে প্ৰভাৱ পেলায়।
উন্নত প্ৰযুক্তিবিদ্যাৰ সুফলৰ বিপৰীতে কুফলৰ প্ৰভাৱ নপৰা নহয়। বহুত ছাত্ৰ ছাত্ৰীয়ে সুফলতকৈ কুফল গ্ৰহণ কৰাৰ ফলস্বৰূপে হিতৰ বিপৰীতে গতি কৰা দেখা যায়। শিশু আৰু কৈশোৰ অৱস্থাত মনটো কৌতুহলী হোৱাৰ বাবে নজনা কথা জানিবলৈ, নেদেখা বস্তু চাবলৈ চেপা উত্তেজনাই মনত ক্ৰিয়া কৰি থাকে। বয়ঃসন্ধিৰ সময়ত হোৱা দৈহিক আৰু মানসিক পৰিবৰ্তনে ছাত্ৰ ছাত্ৰীসকলৰ মনোজগতত বিশেষভাৱে প্ৰভাৱ পেলায়।
সেইকাৰণে এই সময়ছোৱাত শিক্ষক, অভিভাৱক উভয়ে মিলিত হৈ জীৱন কৌশল সমূহ প্ৰয়োগ কৰি ছাত্ৰ ছাত্ৰীসকল জীৱন যাত্ৰাৰ পথত আগুৱাই যাবলৈ সহায় কৰিব লাগে।
অভিভাৱকৰ কথা ক'বলৈ গ'লে দুখন ছবি দেখা যায়। প্ৰাইভেট স্কুলৰ ছাত্ৰ ছাত্ৰীৰ অভিভাৱককৰ সচেতনতাৰ বিপৰীতে চৰকাৰী স্কুলৰ অভিভাৱকৰ অসচেতনতা ছবিখন দেখিবলৈ পোৱা যায়। নিজৰ ল'ৰা-ছোৱালীক ভালদৰে কাপোৰ কানি পিন্ধাই, কিতাপ পত্ৰৰ জাপি দি উলিয়াই পঠোৱাৰ উপৰিও কেনেকৈ পৰীক্ষাত নম্বৰ বেছি পায় তাৰবাবে টিউচন ব্যৱস্থা কৰা এইবোৰ আছেই। অথচ চৰকাৰী বিদ্যালয়ত কিতাপ - পত্ৰ, ইউনিফৰ্ম, চাইকেল আদি দিয়াৰ পিছত ল'ৰা-ছোৱালী কিতাপ পত্ৰ ভালদৰে আনিছে নাই অভিভাৱকৰ খবৰ নাথাকে। প্ৰায় ছাত্ৰ ছাত্ৰীয়েই পোৱা যায়, যি আটাইকেইটা ক্লাছৰ কিতাপ বহী স্কুললৈ নানে ।
শিক্ষকৰ সমানে অভিভাৱকে ছাত্ৰ ছাত্ৰীৰ উত্তৰণত সৰ্বতোপ্ৰকাৰে সহায় সহযোগিতা আৰু পৰামৰ্শ আগবঢ়াব লাগে। পিতৃ-মাতৃৰ নিজৰ কৰ্মব্যস্ততাৰ উপৰিও নিজৰ ল'ৰা-ছোৱালীৰ লগত পঢ়া শুনাৰ কথাৰ লগতে অনান্য দিশত বিশেষকৈ বয়ঃসন্ধিৰ কালৰ শাৰীৰিক আৰু মানসিক পৰিবৰ্তনৰ কথাবিলাক খোলাখুলিকৈ বুজাই দিব লাগে । বিদ্যালয়ত শিক্ষকে বয়ঃসন্ধিৰ কালৰ পৰিবৰ্তন, জীৱন কৌশলৰ প্ৰয়োগ সম্পৰ্কে পাঠদান কৰি ছাত্ৰ ছাত্ৰীক আগুৱাই নিয়াত যৎপৰোনাস্তি চেষ্টা কৰে। লগতে অভিভাৱক সকলৰ সহায় সহযোগ পালে ছাত্ৰ ছাত্ৰীৰ জীৱন যাত্ৰাৰ পথত অগ্ৰসৰ হোৱাত সহায় কৰে। শিক্ষক আৰু অভিভাৱক সকলোৱে মৰম স্নেহ, আন্তৰিকতা, সহৃদয়তা, সময়ানুবৰ্তিতা, নিয়মানুবর্তিতা আদি গুণসমূহ ছাত্ৰ ছাত্ৰীৰ মাজত বিয়পাই দিব পাৰিলে ছাত্ৰ ছাত্ৰী সকলে শিক্ষা গ্ৰহণ আৰু জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব।
আজি কালি অভিভাৱক সকলৰ আৰু এটা ব্যস্ততা বেছিকৈ দেখা যায় যে পৰীক্ষাৰ সময়তেই হওক বা অন্য ক্ষেত্ৰতে হওক অভিভাৱক সকলে নিজৰ ল'ৰা - ছোৱালীক যন্ত্ৰৰ দৰে ব্যৱহাৰ কৰাও দেখা যায়। বিদ্যালয়ৰ পৰা অহাৰ পিছতে টিউচন, তাৰ পাছত গানৰ ক্লাছ, খেলৰ, আৰ্টৰ ইত্যাদি ইত্যাদি। বিদ্যালয়ত কি শিকি আহিলে নাহিলে সেইটো চাবলৈ বা সুধিবলৈ আহৰি নাই, কেৱল ব্যস্ততাৰ মাজেৰে দিন অতিবাহিত কৰি ছাত্ৰ ছাত্ৰী সকল ভাগৰি পৰে।
এজন শিক্ষকৰ দৃষ্টিৰে যদি চোৱা হয় তেতিয়া দেখা যায় যে আজিৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষক ছাত্ৰৰ সম্পৰ্ক আগৰ দৰে নহয়। আমাৰ দিনৰ দৰে শিক্ষকৰ কাষেৰে পাৰ হৈ যাবলৈ এশবাৰ চিন্তা কৰাৰ দিন নাই। শিক্ষকক ল'গ পালে চাইকেলৰ পৰা নমা, ছাতি জপাই দিয়া, সেইবোৰ আমাৰ দিনৰ নিয়ম। ছাৰ আহিব বুলি কিতাপ পত্ৰ উলিয়াই ৰখা এইবোৰ দিন অতীত হৈ যাবলৈ ধৰিছে। নম্বৰৰ সংখ্যা বৃদ্ধি পাইছে যদিও জ্ঞানৰ অভাৱ পৰিলক্ষিত হৈছে। সাধাৰণ জ্ঞানৰ অভাৱ ছাত্ৰ ছাত্ৰীৰ বেছিকৈ দেখা যায়।
, পৰিপুষ্ট নম্বৰে ডিগ্ৰী, ডিপ্লমাৰে সমৃদ্ধ হ'লেও জ্ঞানৰ পৰিসৰ কম দেখা যায়। আজিকালি, ছাত্ৰ ছাত্ৰীয়ে ক্লাছত বুজি নাপালে থিয় হৈ শিক্ষকক সুধিবলৈ টান পায় কিন্তু ঘৰলৈ গৈ ম'বাইল ফোনৰ যোগেদি সেইবোৰ কথা সুধিবলৈ ভয় নকৰে। শিক্ষক আৰু ছাত্ৰৰ বন্ধু সূলভ আচৰণে সময়ে সময়ে ছাত্ৰ ছাত্ৰীৰ জীৱন বাটত অন্তৰায় সৃষ্টি কৰাও পৰিলক্ষিত হয়, যাৰ বাবে উশৃংখলতাৰ পয়োভৰ ঘটা দেখা যায়।
সমাজ ব্যৱস্থা, শিক্ষা ব্যৱস্থা, জীৱনযাত্ৰা পথ যিমানেই উত্তৰণৰ দিশত গতি নহওক কিয় ইয়াৰ সুফলতকৈ কুশল বেছি হোৱা পৰিলক্ষিত হয়। কিয়নো দিনক দিনে আমাৰ সমাজত অপৰাধ, হত্যা, ধৰ্ষণ আৰু লুন্ঠনৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। যিবিলাক কাৰ্য নাবালকৰ পৰা আবাল বৃদ্ধ বনিতা লৈকে কোনো বাদ পৰি যোৱা নাই। প্ৰযুক্তি বিদ্যাৰ উন্নতি হৈছে বুলি পুৰণি নীতি নিয়ম, আচাৰ ব্যৱহাৰ এৰি নিদি পুৰণিৰ ভেটি সুদৃঢ় কৰি নতুনক সংমিশ্ৰণ ঘটাই সামাজিক, শৈক্ষিক সকলো ধৰণৰ কামতে উপযুক্ত আৰু যোগ্য কৰি তুলিব পাৰিলেহে হয়তো সমাজখন নিকা আৰু স্বচ্ছ হ'ব পাৰিব।
উন্নত প্ৰযুক্তিৰ বিকাশৰ ফলত সৃষ্টি হোৱা সাম্প্ৰতিক সময়ৰ দূৰ্বিসহ ছবিখনৰ ভৱিষ্যত কোন দিশে অগ্ৰসৰ হৈছে সেইয়া সকলোৰে বাবে চিন্তনীয় বিষয়।
